তোমাৰ চকুপানী
▪️ প্ৰণৱ কুমাৰ বৰ্মন
ধাৰাসাৰ বৰষুণৰ তলতো দেখিলোঁ তোমাৰ চকুপানী
ছাতি মই বেয়া পাওঁ
ছাতিয়ে আকাশ ঢাকে,ডাৱৰ ঢাকে
বেলি ঢাকে,ঢাকে হুৰহুৰ বৰষুণ
ছাতিৰ অহংকাৰ- সি যেন নিজেই ফুলাম আকাশ!
কিমানে গোপনে কান্দে
আৰু ছাতিৰ তলত হাঁহি হাঁহি গুচি যায়
চকুপানীৰে কিমানৰ গাৰু তিতে
অথচ সকলোৱে ভাৱে গাৰুত তেওঁ সুখেৰে শুইছে
কান্দি থকা চকুজুৰিৰ বাবে এখন ৰুমাল নাই
দুখনি হাত নাই মচিবলে দুগাল
এখনি বুকু নাই মুখ গুজি নিৰৱে নিগৰাবলৈ চকুপানী
চকুপানী হাঁহি হাঁহি মানুহে উপভোগ কৰে
আৰু অস্ফুটস্বৰে কয়- নাকান্দিবা,সকলোৱে চাই আছে
তোমাৰ চকু নিগৰা লোতক,শোকৰ লোতক
আনৰ চকুৰ আগত নিমখ মাত্ৰ নিমখ !
▪️▪️▪️

0 Comments