ৰুমী ।। প্ৰণৱ কুমাৰ বৰ্মন ।।

 ৰুমী

▪️প্ৰণৱ কুমাৰ বৰ্মন 

ৰুমী ।। প্ৰণৱ কুমাৰ বৰ্মন ।। Aatha magazine


এটা চুফী সুৰত উতলা হৈ

তুমি হালিজালি আছিলা পাৰস্যত

পানীখাইতি ষ্টেচনত মই তোমাক নমাই থৈ আহিছিলোঁ

কাৰণ তুমি পাহাৰো ভাল পাইছিলা

চাদৰৰ আঁচলত বান্ধি বৈ ফুৰিছিলা জলপ্ৰপাত


এটি দুষ্ট শহাপহুৱে ভাকুটকুটাই দিছিল বুকুত তোমাৰ 

গোটেই বক্ষদেশ সিদিনাৰ পৰা ভেটফুলৰ পানী-বাগিচা


দেহ বিচাৰত দেহৰ অৰ্থ মাটি

আদিৰ আদিম পিয়াহ,অনাদিৰ দীঘল ভোকাতুৰ যাত্ৰা


লাগিব? বৰষুণৰ তানপূৰা?

গানেৰে মোক মাৰি মেঘত ওলমাই থ'বলৈ? 

লাগিব? খোজত নদীৰ নেপূৰ?

পথৰুৱা বাটৰ খোজৰ উমান পাবলৈ?


কন কন পখিলাৰ চুমাবোৰ তোমাৰ ওঁঠত পৰে

ফুল আহৰিত মিঠা মৌ পাণ কৰা তুমি

তুমি ৰুমী

চুফী নিৰ্জনতাৰ কন্ঠস্বৰ 

মোৰ শতিকাৰ ভোক

হৃদয় মাজে দৃশ্যমান!

Post a Comment

0 Comments