স্বাগতম প্ৰেম
জন্মাৰ দিনাই
নাকান্দিবা মৃত্যুৰ বাবে
যাবলৈ আছে অলেখ বাট
শুনিবলৈ আছে অলেখ সুৱদি মাত
আছে ল'বলৈ সাৱটি এখন অৰণ্য
আছে স্নান কৰিবলৈ অলেখ অচিনাকী নদী
আছে গান শুনিবলৈ অলেখ সাগৰ
আছে পোহৰ চাবলৈ দূৰ দিগন্তৰ অলেখ তৰা
জলতৰংগৰ গানত তিতিবলৈ পাহাৰৰ পৰা নামি আহিছে জলপ্ৰপাত
আৰু আছে আইতাৰ জধলা হাহিঁ
পিতাৰ ঘাম ,আইৰ ৰন্ধন
আছে কিতাপৰ পাতে পাতে
অ' ফুল অ' ফুল নুফুল কিয়ৰ বেদনা
আছে বৰ্তমানৰ অলেখ ৰচনা
আছে বিষাদ - নিৰাশাৰ অলেখ সূচনা
আছে চোন খোজেপতি স্বাগতম তোৰণ
আছে চোন বাটে বাটে হৃদয়ৰ ৰক্ত পাৰিজাত
কোৱা,ক'ত হেৰায় জীৱনৰ আঁত?
আছে চোন গৰ্ভৰ পৰা ওলোৱা দিনটোৰ অলেখ স্মৰণ
কিয় বিদায়ৰ কথা ভাবি জন্মাৰ দিনটোতে ইমান ক্ৰন্দন?
আছে ফুল ভৰা
পাত সেউজীয়া ভালপোৱাৰ বাট
আছে হৃদয়ৰ নিভৃতত সমৰ্পন আৰু নিবেদনৰ ইচাত বিচাৎ
প্ৰেমতকৈ জানো মৃত্যু শ্ৰেষ্ঠ?
জীৱনতকৈ জানো উচ্চ জীৱনৰ আঘাত- সংঘাত
ব্যৰ্থ আদৰণিয়ে
ব্যৰ্থ বিদায়ৰ বাট
ব্যৰ্থতাৰ শোকত মৰিবা নে
স্বাগতম জনাবা প্ৰেমভৰা এই নৱ জীৱনক!!
▪️▪️▪️

0 Comments