যদি অপেক্ষা কৰা ।। প্ৰণৱ কুমাৰ বৰ্মন ।।

যদি অপেক্ষা কৰা

▪️ প্ৰণৱ কুমাৰ বৰ্মন

যদি অপেক্ষা কৰা ।। প্ৰণৱ কুমাৰ বৰ্মন ।। Astha Magazine


যদি অপেক্ষা কৰা 

শীতে বসন্তলৈ অপেক্ষা কৰাৰ দৰে

মোলৈ অপেক্ষা কৰিবা


যদি অপেক্ষা কৰা 

মাটিয়ে মেঘলৈ বৰষুণ বিচাৰি অপেক্ষা কৰাৰ দৰে 

যদি অপেক্ষা কৰা 

অপৰাহ্নৰ আকাশে তৰাভৰা ৰাতিলৈ অপেক্ষা কৰাৰ দৰে

যদি অপেক্ষা কৰা

সৰাপাতবোৰে পুন: সেউজীয়া হৈ উঠাৰ সপোন দেখাৰ দৰে

ঘাটে নিসংগতা মচি এখনি নাওলৈ 

অপেক্ষা কৰাৰ দৰে

তোমাৰ চুলিটাৰিয়ে অপেক্ষা কৰাৰ দৰে বতাহৰ বাবে

স্তব্ধতাই গান এটাৰ বাবে অপেক্ষা কৰাৰ দৰে 


যদি অপেক্ষা কৰা 

মোলৈ অপেক্ষা কৰিবা

তোমাৰ উপেক্ষা নেওচি 

মই এদিন নহয় এদিন আহিম!


▪️▪️▪️

Post a Comment

0 Comments