এদিন ক'ম
▪️প্ৰণৱ কুমাৰ বৰ্মন
এদিন ক'ম
ক'বলগীয়া আছে
নক্ষত্ৰ আৰু বোকাৰ সম্পৰ্ক
এখন চিঠিত নিলিখা আখৰবোৰ কিয় উশাহত উৰি ফুৰে
কিয় উভতি আহে তোমাৰ পৰা মোলৈ সকলো মধুময় অনুভূতি
এদিন ক'ম
মই কেনেদৰে জীয়াই আছিলোঁ তোমাৰ উশাহত
তোমাৰ খোজেৰে পৰিভ্ৰমণ কৰিছিলোঁ ভালপোৱাৰ জাগতিক পৰিমণ্ডল
তোমাৰ চকুৰে দেখিছিলো নয়নাভিৰাম নৈসৰ্গিক অবিনশ্বৰ দৃশ্য
এদিন ক'ম
ক'বলগীয়া আছে
তোমাৰ ভিতৰত মৃত্যুবৰণ কৰা সেই শোকময় গাথা
তোমাৰ অনাদৰত জী উঠাৰ শেষকন ইচ্ছা
তোমাৰ ভিতৰত
এদিন ক'ম !
▪️▪️▪️

0 Comments