তোমাৰ সোনালী চুলিৰ বতাহজাকে
▪️ প্ৰণৱ কুমাৰ বৰ্মন
সোনালী চুলিৰ বতাহজাকে
উৰুৱাই লৈ গ'ল মোৰ বুকুৰ ঘৰ
তোমাৰ চাৱনিৰ বৃষ্টিপাতত মোৰ অৰণ্য চাৰখাৰ
আমি কিয় আহিলো এই বাটেদি
যাৰ শেষ গন্তব্য নাই
আমি কিয় থিয় হ'লো ফুলা কদমৰ তলত
যাক ঢুকি নাপাও
আমি আহি আহি ইমান আন্ধাৰ পালোঁ
ভালপোৱাৰে জানো পাৰিম পোহৰাব
আমি আহি আহি এখন নৈ পালোঁ উটি যাবলৈ
উটি যাবলৈ জাতকৰ জীৱনলৈ
কোমল ঘাঁহনিলৈ
ৰ'দ জিলিকা বালিচৰলৈ
পুৱতিৰ শংখৰ মাতলৈ
জয়লৈ,পৰাজয়লৈ
জীৱনলৈ,মৃত্যুলৈ
তোমাৰ সোনালী চুলিৰ মাজত
কি আৰামদায়ক আশ্ৰয় !

0 Comments