কেতিয়াবা সকলো মানুহৰে মৰি যাবলৈ মন যায়
▪️ প্ৰণৱ কুমাৰ বৰ্মন
কেতিয়াবা সকলো মানুহৰে মৰি যাবলৈ মন যায়
যিসকলে শতবৰ্ষ কামনা কৰে নিজৰে অথবা বিচাৰে অমৰত্ব
যিসকলে সকলো ভোগ তেওঁলোকৰ কপালত লিখা থকা বুলি গৌৰৱ কৰে
কেতিয়াবা সকলো মানুহৰে মৰি যাবলৈ মন যায়
সকলো প্ৰাপ্তিৰ পাছত ,সকলো অপ্ৰাপ্তিৰ শেষত মৰি যাবলৈ মন যায়
প্ৰাচুৰ্যৰ ভীৰ আৰু দৰিদ্ৰতাৰ বোজা
উভয়তে মৰি যাবলৈ মন যায়
প্ৰেমৰ বিৰল বিশ্বাস আৰু প্ৰেমহীনতাত মৰি যাবলৈ মন যায়
ফিচিকি যোৱা চোলাৰ ফাকেৰে আৰু সুনামী কোট টাইৰ ৰঙ বিৰঙৰ চকু চাৎ মৰা আত্মগৰ্বৰ মাজতো মৰি যাবলৈ মন যায়
মৰি যাবলৈ মন যায় হাল বাবলৈ গৈ বৰ্ষাহীন চিৰালফটা পথাৰৰ মাজত আৰু ক্ৰমশ আকাশ ধাবমান ব্যক্তিগত উন্নতিৰ উদ্যোগৰ বাতানুকূল কোঠাত
মৰি যাবলৈ মন যায় মূধচেৰে আকাশৰ তৰা দেখা উৰুখা পঁজাত আৰু সুউচ্চ দালানত
কেতিয়াবা সকলো মানুহৰে মৰি যাবলৈ মন যায়
পলিচ কৰা চিকচিকিয়া জোতাৰ খোজত
দামী গাড়ীৰ গতি আৰু মনৰ গতিৰ জড়তাত
বেংকবেলেঞ্চ আৰু ভীক্ষাৰ জোলোঙাৰ তুলনাত
মৰি যাবলৈ মন যায় সকলো সুখৰ পাছত
দুখৰ ৰক্তহীন বেদনাত
আশাৰ সূৰ্য্যৰ তলত নাচিবাগি
অমাৱশ্যাৰ ঘোৰ আন্ধাৰত
নিয়ন লাইটৰ পোহৰত আনকি মমৰ পোহৰত মম গলা চাই চাই
সকলো চেনেহ প্ৰাপ্তিৰ পাছতো সকলো মানুহৰে মৰি যাবলৈ মন যায় কেতিয়াবা
একে সময়তে অনাথ আশ্ৰম বা বৃদ্ধাশ্ৰমত থাকি জীৱন নিপাত কৰা সকলৰো মন যায় মৰি যাবলৈ
দামী গাড়ী, দামী গৃহ,দামী কুকুৰৰ মাজতো নিসংগতা যেনেদৰে আহে
একে দৰেই আহে মৰি যাবলৈ মন
সফলতাৰ উচ্চ শিখৰত থিয় হৈ সকলোৱেই যেন চুই চাবলৈ বিচাৰে মৃত্যুক
বিফলতাৰ অন্তহীন বেদনাৰ পাছত চুই চাবলৈ মন যায় মৃত্যুক
স্মৃতিবোৰক চুবলৈ গৈ লগ পাবলৈ মন যায় মৃত্যুক
সকলো মানুহৰে কেতিয়াবা মৰি যাবলৈ মন যায় আদৰ
অথবা অপমানত
বিলাসী সকলৰ বিলাস আৰু বিলাসহীনৰ বিলাসৰ স্বপ্নত
সকলো মানুহৰে কেতিয়াবা মন যায় মৰি যাবলৈ
কিন্তু কাৰোৰে মৰিবলৈ মন নাযায়
সকলোৱেই বিচাৰে শেষত গছৰ ছাঁ
নদীৰ ঢৌ,সাগৰৰ গৰ্জন,মেঘৰ মাদল
মাটিৰ সুগন্ধ
পখিলাৰ নাচ,চৰাইৰ কাকলি ,শিয়ালৰ মাত,ম'ৰা চৰাইৰ পেখম,পাহাৰৰ নীলা
মৰাৰ পৰিকল্পনা স্থগিত ৰাখি মানুহবোৰে বন্ধৰ দিন বিচাৰি সপৰিয়ালে ,সবান্ধৱে
বনভোজৰ নামত গছৰ সতে কথা পাতিবলৈ যায়,নদীৰ সোঁতত উটিবলৈ যায়,সাগৰৰ গৰ্জনক সাবটিবলৈ যায়,পাহাৰ বগাই মেঘ চুবলৈ যায়..
আপোনাৰো যে মৰিবলৈ মন যায়
আপুনি কৰে কি তেতিয়া?
▪️▪️▪️

0 Comments